Pragjyotishpur University, during its PRERANA UTSAV 2025, felicitated Class 12 students from the Sonitpur district who secured First Division or above in the board examinations. The event, held at the NERIWALM Auditorium, was presided over by Vice-Chancellor Prof. Smriti Kumar Sinha and inaugurated by Dr. Jyotikamal Hazarika, retired Principal of Tezpur College. প্ৰাগ্জ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২২ মে’, ২০২৫ তাৰিখে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণামূলক সম্বৰ্ধনা জনাবলৈ তেজপুৰত “প্ৰেৰণা উৎসৱ“ নামৰ এক অনুষ্ঠানৰ আয়োজন কৰে। তেজপুৰৰ অনুষ্ঠানটো উত্তৰ-পূৰ্বাঞ্চল আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা অহা প্ৰায় তিনি শতাধিক মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত প্ৰাগ্জ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিংহ আৰু তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° জ্যোতি কমল হাজৰিকাই মূখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে প্ৰাগ্জ্যোতিষপুৰ বিশ্ববিদ্যালয়ে মেধা, নৈতিকতা আৰু সমাজবোধৰ সংমিশ্ৰণে এক সুস্থ শিক্ষা পৰিবেশ গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হোৱাৰ লগতে সুসংগঠিত, দায়িত্বশীল আৰু মূল্যবোধসম্পন্ন নতুন প্ৰজন্ম গঢ়ি তুলিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।